MONE KI BA KOI Lyrics by Abinash Gayan & Prod. Pankaj PuNK Lyrics - Abinash Gayan
| Singer | Abinash Gayan |
| Composer | Abinash Gayan |
| Music | Prod. Pankaj PuNK |
| Song Writer | Abinash Gayan |
MONE KI BA KOI Lyrics
মলয়াই কাণে কাণে কিনো আজি কৈ যায়
অনুভৱ এটি মাথো থৈ যায়
ভাবি ভাবি নিশাও মোৰ ৰৈ যায়
বাঢ়ি অহা মৰমে তোমালে বাটে চায়
সপোনতে দেখো তুমি আহা সঘনাই
বাঢ়ি অহা মৰমে তোমালে বাটে চায়
সপোনতে দেখো তুমি আহা সঘনাই
বাৰে বাৰে কিয়নো যোৱা
চিৰদিনে কিয় নোৰোৱা
সপোনতে দেখানো দিয়া
দিঠকতে আহি নোপোৱা
মনে কি বা কয় !
প্ৰেমৰে সাগৰতে তোমাক দেখি নামিলোঁ
সপোন সপোন লগা মায়া জালতে সোমালোঁ
কোনো নাই কাষৰতে সাৰ পাই মই দেখিলোঁ
এতিয়া নিঠৰোৱা হৈ ৰ'লো
ল'বানে মোক সাৱটি
তোমাৰে আপোন ভাবি
নহ'লেও তুমি মোৰ নহ'বা বহু দূৰ
কেনেকৈ জীয়াই থাকিম ?
বাঢ়ি অহা মৰমে তোমালে বাটে চায়
সপোনতে দেখো তুমি আহা সঘনাই
বাঢ়ি অহা মৰমে তোমালে বাটে চায়
সপোনতে দেখো তুমি আহা সঘনাই
বাৰে বাৰে কিয়নো যোৱা
চিৰদিনে কিয় নোৰোৱা
সপোনতে দেখানো দিয়া
দিঠকতে আহি নোপোৱা
মনে কি বা কয় !
0 Comments